মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ

অসম নাগৰিক সেৱা অধিকাৰ আইন, ২০১২

অসম নাগৰিক সেৱা অধিকাৰ আইন, ২০১২ খন নাগৰিকসকলক সময়গত পদ্ধতিত সেৱা প্ৰদান কৰিবৰ বাবে ২০১২ চনত গঠন কৰা হৈছিল। ছয়খন নিৰ্ধাৰিত জিলাক বাদ দি বাকী সকলো জিলাতে এই আইনখন এপ্ৰিল ২০১২ ৰ পৰা কাৰ্যকৰী কৰা হয়।

এই আইন অনুসৰি, প্ৰত্যেক বিভাগ/জিলাৰ পৰা নাগৰিকৰ সেৱা নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাপন কৰিবৰ বাবে একোজনকৈ মনোনীত চৰকাৰী কৰ্মচাৰী থাকিব। যদি সেই মনোনীত কৰ্মচাৰীজন দায়িত্ব পালনত অপাৰগ হয়, তেন্তে, আবেদনকাৰীজনে পৰ্যালোচনা কৰ্তৃপক্ষৰ ওচৰত কৰ্মচাৰীজনৰ বিৰুদ্ধে গোচৰ ত্ৰিব পাৰে আৰু নিৰীক্ষণৰ পাছত যদি গোচৰ সত্য প্ৰতিপন্ন হয়, তেনেহলে কৰ্তৃপক্ষই মনোনীত কৰ্মচাৰীসনক জৰিমনা জাৰি কৰিব পাৰে আৰু কামটো কৰিবলৈ আদেশ দিব পাৰে।

বৰ্তমান, ১৪ টা বিভাগৰ ৫৫ টা সেৱা এই আইনৰ অধীনত কৰি থকা হৈছে আৰু ভৱিষ্যতে বহু অন্যান্য সেৱা প্ৰদান কৰাৰ লক্ষ্য আগত ৰখা হৈছে।

বাকী নিৰ্ধাৰিত ছয়খন জিলাত সেৱা প্ৰদানৰ বাবে জিলাসমূহৰ প্ৰমুখ সচিবলৈ লিখিত প্ৰেৰণ কৰা হৈছে।

প্ৰধান অংশসমূহ

  • অধিসূচীত সেৱা প্ৰদানৰ ক্ষেত্ৰত সময়সীমা বজাই ৰখাটো বাঞ্চনীয়।
  • নাগৰিকে অধিসূচিত সেৱাসমূহৰ প্ৰতিবেদন সংশ্লিষ্ট সেৱাৰ বাবে থকা মনোনীত বিষয়াৰ ওচৰত জমা দিব লাগিব।
  • আবেদনকাৰীক এখন স্বীকাৰপত্ৰ প্ৰদান কৰা হ’ব।
  • প্ৰথম আপীল কৰ্তৃপক্ষৰ ওচৰত আবেদন গ্ৰহণ নকৰাৰ গোচৰ তৰিব পাৰে।
  • কৰ্তৃপক্ষৰ ওচৰত আবেদনৰ গোচৰ নাকচ হোৱাৰ ক্ষেত্ৰত, নাগৰিকজনৰ আবেদন অমান্য কৰা হয়।
  • নাগৰিকজনে পুনৰ বাৰ দ্বিতীয় আপীল কৰ্তৃপক্ষৰ ওচৰত নিজৰ গোচৰ ৰাখিব পাৰে।
  • সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰাই জৰিমণা বিহাৰ নিয়ম আছে।
  • সময়মতে সেৱা প্ৰদান নকৰাৰ বাবে মনোনীত বিষয়াসকলে নিৰ্দিষ্ট পৰিমানৰ জৰিমণা ভৰিব লাগে।

 

Downloads
TitleSizeDetail
অসম নাগৰিক সেৱা অধিকাৰ আইন3.11 MBswf-image
অসম নাগৰিক সেৱা অধিকাৰ নিয়ম2.48 MBswf-image
নতুন সেৱাসমূহৰ বাবে অধিসূচনা,২০১৭438.81 KBswf-image
অসম নাগৰিক সেৱা অধিকাৰ আইনৰ অধীনস্থ চলিথকা সেৱাসমূহ16.8 KBswf-image
সেৱাসমূহৰ তালিকা62.17 KBswf-image
নাগৰিক চনদ (সেৱা সৰবৰাহৰ সময়সীমা)208.65 KBswf-image