মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ

অসম প্ৰশাসনিক ষ্টাফ কলেজত হল/ৰুম বুক কৰক

চিহ্নাংকসূচী:

  • প্ৰশাসনিক প্ৰশিক্ষণৰ বাবে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় হৈছে প্ৰধান প্ৰতিষ্ঠান।
  • বৈঠক কক্ষ, হোষ্টেল আৰু পুথিভঁৰালৰ ক্ষেত্ৰত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অঞ্চলৰ ভিতৰত সৰ্বোৎকৃষ্ট প্ৰতিষ্ঠান।
  • এই প্ৰতিষ্ঠান বৈঠক, কৰ্মশালা আদি অনুষ্ঠানৰ আয়োজন কৰিবলৈ চৰকাৰী বিভাগসমূহে ব্যৱহাৰ কৰিব পাৰে।

অৱলোকন

বিশ্বমানৰ আন্তঃগাঁথনিৰ সুবিধাৰে সমৃদ্ধ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় দেশৰ প্ৰধান প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন অন্যতম প্ৰতিষ্ঠান। চৰকাৰী বিভাগসমূহে এই প্ৰতিষ্ঠানে প্ৰদান কৰা সুবিধাৰ ব্যৱহাৰেৰে প্ৰশিক্ষণ আৰু কৰ্মশালাৰ সৈতে জড়িত অনুষ্ঠানসমূহ কাৰ্য্যকৰী কৰিব পাৰে।

যোগ্যতাৰ মাপকাঠি

  • উপস্থাপন কৰিব বিচৰা কাৰ্য্যসূচী চৰকাৰী বিভাগ বা চৰকাৰী বিভাগৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।
  • কাৰ্য্যসূচী, প্ৰশিক্ষণ, কৰ্মশালা আদি বিষয়বস্তুৰ অন্তৰ্ভুক্ত হ’ব লাগিব।

প্ৰয়োজন হোৱা নথিপত্ৰ

আবেদন লিখিত ৰূপত নতুবা ই-মেইলৰ জৰিয়তে পঠিওৱা হ’ব লাগিব। এই আবেদনপত্ৰত অনুষ্ঠানৰ তাৰিখ, কোঠা সংখ্যা আৰু অংশগ্ৰহণকাৰীৰ সংখ্যা স্পষ্টকৈ উল্লেখ কৰিব লাগিব।

প্ৰক্ৰিয়া

আবেদনপত্ৰ প্ৰশাসনীয় বিষয়াৰ জৰিয়তে প্ৰশিক্ষণ সঞ্চালকৰ ওচৰলৈ যায়। আবেদন কৰা কোঠা উপলব্ধ হ’লে সঞ্চালকে ইয়াত অনুমোদন আগবঢ়ায়। অনুমোদন লাভৰ পিছত বিভাগলৈ সমৰ্থন পত্ৰ প্ৰদান কৰা হয়। অৱশ্যে অনিবাৰ্য কাৰণবশতঃ কোনো অধিক গুৰুত্বপূৰ্ণ অনুষ্ঠান অয়োজনৰ অনুমতি প্ৰদান কৰিবলগীয়া অৱস্থাত সূচীৰ সালসলনি ঘটিব পাৰে।

কেনেকৈ আবেদন কৰিব

কাৰ্য্যালয়ৰ পত্ৰ লোখা কাগজত আবেদনপত্ৰ লিখি বা ই-মেইলযোগে আবেদনপত্ৰ প্ৰেৰণ কৰিব লাগে।

মাচুল

আবেদন কৰোতে মাচুলৰ বিষয়ে বিভাগক অৱগত কৰা হয়।

কাক যোগাযোগ কৰিব

প্ৰশিক্ষণ সঞ্চালক
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়
খানাপাৰা, গুৱাহাটী - ২২
দূৰভাষ: +৯১-৩৬১-২৩৬৩৩২৫
ফেক্স: +৯১-৩৬১-২৩৬২৩৬১
ই-মেইল: director@aasc.gov.in