মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ

মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটাৰ বাবে আবেদন

চিহ্নাংকসূচী:

  • লোক প্ৰশাসনত নতুনত্ব অনাৰ বাবে আৰু চৰকাৰী আঁচনি, নীতি আৰু কাৰ্য্যক্ৰমসমূহৰ অসাধাৰণ সংসাধনৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হয়।
  • এজনীয়া বিষয়া বা বিষয়াৰ এটি দলে ইয়াৰ বাবে আবেদন জনাব পাৰে। এটা দলত তিনিজনতকৈ অধিক বিষয়া থাকিব নালাগিব।
  • এই কাৰ্য্যসূচীত সৰ্বমুঠ দহটা বঁটা প্ৰদান কৰা হয়।

অৱলোকন

ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ দ্বাৰা লোক প্ৰশাসনত সম্পাদিত অসাধাৰণ আৰু উদ্ভাৱনীমূলক কাৰ্য্যসমূহৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ ‘কৰ্মশ্ৰী’ বঁটা প্ৰদানৰ কাৰ্য্যসূচী ২০১৭ চনৰ পৰা আৰম্ভ কৰা হৈছে।

যোগ্যতাৰ মাপকাঠি

তলত উল্লিখিত বিষয়সমূহৰ ওপৰত নিৰ্ভৰ কৰি এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়-

  • উদ্ভাৱনী শক্তি।
  • বহনক্ষমতা।
  • কৰ্মক্ষমতা প্ৰসাৰণ।
  • সমগ্ৰ সেৱা প্ৰদান পদ্ধতিৰ প্ৰভাৱ।
  • প্ৰশাসন বা চৰকাৰৰ দক্ষতা আৰু ফলপ্ৰসূতাৰ দিশত উন্নতি সাধন।
  • কাৰ্য্য প্ৰক্ৰিয়াত স্বচ্ছতা অনা।
  • পৰীক্ষক বা নিৰ্বাচন সমিতিৰ দ্বাৰা সিদ্ধান্ত লোৱা বিষয়ৰ শ্ৰেণী।

প্ৰয়োজন হোৱা নথিপত্ৰ

নিৰ্দেশনা অনুসৰি যথাযথভাৱে সকলো তথ্য প্ৰদান কৰি পূৰ কৰা আবেদনপত্ৰ।

প্ৰক্ৰিয়া গতি

বঁটাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱসমূহৰ পৰীক্ষণ আৰু নিৰ্বাচনৰ বাবে দুখন সমিতি থাকিব:

(১) পৰীক্ষণ সমিতি: পৰীক্ষণ সমিতিৰ মুখ্য ভাৰ গ্ৰহণ কৰে প্ৰশাসনিক সংশোধন আৰু প্ৰশিক্ষণ বিভাগৰ সৰ্বোচ্চ সচিবে। ইয়াৰ অন্য দুগৰাকী সদস্য সমিতিৰ মুখ্য সচিবৰ দ্বাৰা মনোনীত হয়। এই সমিতিয়ে প্ৰস্তাৱসমূহৰ পৰীক্ষণ আৰু নিৰ্বাচন কৰে। এই সমিতিয়ে প্ৰেৰিত প্ৰস্তাৱ অধ্যয়ন কৰি চাব পাৰে নতুবা এই প্ৰস্তাৱৰ উপস্থাপনৰ বাবে আবেদনকাৰীক মাতি পঠিয়াব পাৰে। এই পৰীক্ষণ সমিতিয়ে ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিক ইয়াৰ মতামত প্ৰকাশ কৰে।

(২) ৰাজ্যিক ভিত্তিক নিৰ্বাচনী সমিতি: প্ৰশাসনিক সংশোধন আৰু প্ৰশিক্ষণ বিভাগৰ সৰ্বোচ্চ সচিবৰ সৈতে মুখ্য সচিবে সদস্য সচিবৰূপে ৰাজ্যিক ভিত্তিক নিৰ্বাচনী সমিতিৰ ভাৰ গ্ৰহণ কৰে। ৰাজ্যিক ভিত্তিক সমিতিয়ে ইয়াৰ বাবে বিবেচিত হোৱা বিষয়াসকলৰ নাম মুখ্যমন্ত্ৰীৰ অনুমোদনৰ অৰ্থে প্ৰেৰণ কৰে।

কেনেকৈ আবেদন কৰিব

আবেদনপত্ৰ সঠিককৈ পূৰ কৰি ৰিকমেণ্ডিং অফিচাৰৰ জৰিয়তে দাখিল লৰিব লাগে।

সেৱাৰ প্ৰকাৰ

হস্তসাধিত সেৱা।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ

অনলাইন আবেদনৰ প্ৰ-পত্ৰ: ইয়াত ক্লিক কৰক


কাক যোগাযোগ কৰিব

শ্ৰীমতী পল্লৱী ফুকন, এ চি এছ
সংযুক্ত সচিব
তৃতীয় মহলা, ব্লক এ
অসম সচিবালয়, দিশপুৰ,
গুৱাহাটী - 781006
দূৰভাষ: 9864092781
ই-মেইল: pphukan.acs@assam.gov.in