মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ

জন প্ৰশাসনত শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ প্ৰধানমন্ত্ৰী বঁটাৰ বাবে আবেদন

চিহ্নাংকসূচী:

  • এই বঁটাৰ বাবে মনোনয়ন এজনীয়া বা এটা দলত আগবঢ়োৱা হয়।
  • আবেদনকাৰীয়ে গ্ৰহণ কৰা উদ্যোগৰ বিষয়ে সবিশেষ জনাব লাগে।
  • আবেদনকাৰীৰ দ্বাৰা এই আবেদন স্বাক্ষৰীত হ’ব লাগে।

অৱলোকন

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ অধীনৰ জিলা/সংগঠনসমূহে আগবঢ়োৱা অসাধাৰণ আৰু উদ্ভাৱনীমূলক কাৰ্য্যৰ স্বীকৃতিস্বৰূপে পুৰস্কাৰ প্ৰদান কৰাৰ উদ্দেশ্যে লোক প্ৰশাসনৰ দিশত প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতাৰ বঁটা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত অন্ততঃ পাঁচটা গুৰুত্বপূৰ্ণ কাৰ্য্যক্ৰম বাচি লোৱা হৈছে।

যোগ্যতাৰ মাপকাঠি

  • গুৰুত্বপূৰ্ণ কাৰ্য্যক্ৰমৰ সংসাধনৰ বাবে পুৰস্কাৰ লাভ কৰিবলৈ মনোনয়নৰ বাবে জিলা/সংসাধন গোটৰ মাধ্যমেৰে কাৰ্য্যসূচী আগবাঢ়িব লাগিব।
  • সৃষ্টিশীলতাৰ বাবে পুৰস্কাৰ লাভ কৰিবৰ বাবে মনোনয়ন কেন্দ্ৰীয় সংগঠন/ৰাজ্য চৰকাৰ/জিলাৰ জৰিয়তে কাৰ্য্যসূচী আগবাঢ়িব লাগে।

প্ৰয়োজন হোৱা নথিপত্ৰ

সূচী ১ আৰু সূচী ২ ত নিৰ্ধাৰিত প্ৰ-পত্ৰত তলত উল্লেখ কৰা নথিসমূহ লগ লগাই পঠিয়াব লাগে।

  • গুৰুত্বপূৰ্ণ কাৰ্য্যক্ৰম/সৃষ্টিশীলতাৰ বিষয়ে এ-৪ আকাৰৰ কাগজত অন্ততঃ পাঁচপৃষ্ঠাৰ বিবৰণ।
  • সমৰ্থন প্ৰদানকাৰী নথি যেনে:
    কাৰ্য্যসম্পাদনৰ বিৱৰণ
    ক্ষেত্ৰৰ আলোকচিত্ৰ (সৰ্বোচ্চ ১০ খন)
    ইয়াৰ বিশেষত্ব
    গ্ৰহণ কৰা উদ্যোগৰ সফলতা কাহিনী ইত্যাদি
  • গ্ৰহণ কৰা উদ্যোগৰ গুৰুত্বপূৰ্ণ দিশৰ উল্লেখেৰে প্ৰস্তুত কৰা তিনিৰ পৰা পাঁচ মিনিট দৈৰ্ঘ্যৰ চিডি।
  • লিখিত বিৱৰণত গ্ৰহণ কৰা উদ্যোগৰ বিষয়ে সবিশেষ, ইয়াৰ কাৰ্য্যনীতি, সংসাধনৰ সময়, ইয়াৰ অসাধাৰণ কৃতিত্ব আৰু ফলাফল, ইয়াৰ ধনাত্মক দিশ আৰু বহনক্ষমতা ইত্যাদিৰ বিষয়ে সবিশেষ জনাব লাগে।

প্ৰক্ৰিয়া গতি

  1. জিলা/সংগঠন: আবেদনকাৰীয়ে আবেদনৰ বাবে নিৰ্ধাৰিত ফৰ্ম্যাটত আবেদন কৰিব লাগে। ইয়াত সংগঠনৰ দ্বাৰা সম্পাদন কৰা হোৱা কৃতিত্বসমূহৰ বিষয়ে উল্লেখ কৰিব লাগে।
  2. প্ৰথম পৰ্যায়: পৰীক্ষণ সমিতিৰ দ্বাৰা জিলা/সংগঠনসমূহৰ নিৰ্বাচন। পৰীক্ষণ সমিতিৰ অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়াৰ দ্বাৰা নডেল বিভাগৰ পৰামৰ্শত আবেদনপত্ৰ সমূহৰ পৰীক্ষণ।
    নীতি আয়োগৰ সংযুক্ত সচিব পৰ্যায়ৰ বিষয়াসকল আৰু বিশেষজ্ঞসকল এই সমিতিৰ সদস্য। সচিবৰ অনুমোদনত এই সমিতি গঠিত হয়।
  3. দ্বিতীয় পৰ্যায়: পৰীক্ষণ সমিতিৰ দ্বাৰা জিলা/সংগঠনসমূহৰ নিৰ্বাচন। কলচেণ্টাৰে নিৰ্বাচিত হিতাধিকাৰীসকলৰ পৰা ভাষ্য গ্ৰহণ:
    এই ভাষ্য বা ফীডবেকৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষণ সমিতিয়ে আবেদনপত্ৰসমূহ পৰীক্ষা কৰে।
  4. তৃতীয় পৰ্যায়: বিশেষজ্ঞ সমিতিৰ দ্বাৰা ইয়াৰ মূল্যাংকন কৰা হয়। এই সমিতিত কেন্দ্ৰীয় চৰকাৰৰ ডেপুটি সচিব পৰ্যায়ৰ বিষয়া থাকে যিয়ে নিৰ্বাচিত গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী বা উদ্যোগসমূহৰ সংসাধনৰ বিষয়টো বিবেচনা কৰে।
    প্ৰশাসনিক সংশোধন আৰু লোক অভিযোগ বিভাগৰ সচিবে অধ্যক্ষতা কৰা বিশেষজ্ঞ সমিতিয়ে অধ্যয়ন প্ৰতিবেদন বিবেচনা কৰে আৰু কেবিনেট সচিবৰ অধ্যক্ষতাৰে গঠিত সমিতিলৈ আগবঢ়ায়। নীতি আয়োগৰ সংযুক্ত সচিব পৰ্যায়ৰ বিষয়াসকল আৰু বিশেষজ্ঞসকল এই সমিতিৰ সদস্য। সচিবৰ অনুমোদনত এই সমিতি গঠিত হয়।
  5. চতুৰ্থ পৰ্যায়: ক্ষমতাসম্পন্ন সমিতিৰ অনুমোদন: প্ৰধানমন্ত্ৰীৰ অনুমোদনত গঠিত হোৱা এই ক্ষমতাসম্পন্ন সমিতি কেবিনেট সচিবৰ অধ্যক্ষতাত গঠিত হয়। ইয়াৰ অন্যান্য সদস্যসকল হৈছে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত অধ্যক্ষ সচিব, নীতি আয়োগৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰু দুইৰ পৰা তিনিগৰাকী অশাসকীয় সদস্য। ক্ষমতা প্ৰদান কৰা হোৱা সমিতিয়ে বিশেষজ্ঞ সমিতিৰ উচিত বুলি আগবঢ়োৱা বিষয়সমূহ বিবেচনা কৰে। ই আনকি প্ৰয়োজন অনুসৰি আবেদনকাৰীক উপস্থাপন আগবঢ়াবলৈ অনুৰোধ জনাব পাৰে নতুবা ইয়াৰ যোগ্যতা বিবেচনাৰ বাবে এনে অন্য অনুসন্ধান কৰিব পাৰে। ইয়াৰ পিছৰ পৰ্যায়ত ক্ষমতা প্ৰদান কৰা হোৱা সমিতিয়ে পুৰস্কাৰৰ বাবে চূড়ান্ত নিৰ্বাচন কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পৰামৰ্শ আগবঢ়াব পাৰে।
  6. পঞ্চম পৰ্যায়: পুৰস্কাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অনুমোদন।

কেনেকৈ আবেদন কৰিব

  1. নিৰ্ধাৰিত ফৰ্ম্যাটত আবেদনসমূহ অনলাইনযোগে লাভ কৰিব লাগে। আবেদনপত্ৰৰ সকলোবোৰ শাৰী নিৰ্দেশনা অনুসৰি পূৰ কৰিব লাগে।
  2. সৃষ্টিশীলতাৰ বঁটা লাভৰ বাবে কৰা আবেদনত হিতাধিকাৰী/উদ্যোগৰ অংশীদাৰসকল/আঁচনিৰ বিষয়ে সবিশেষ জনাব লাগে।
  3. অসম্পূৰ্ণ তথ্য প্ৰদান কৰা আবেদন গ্ৰহণৰ বাবে বিবেচিত নহয়।
  4. সৃষ্টিশীলতাৰ বাবে বঁটা লাভ কৰাৰ ক্ষেত্ৰত সংগঠনটো প্ৰধান সেৱা বিষয়া বা তেওঁৰ দ্বাৰা মনোনীত বিষয়াই প্ৰতিনিধিত্ব কৰিব পাৰে।
  5. আবেদনপত্ৰ আৰু নথিৰ ক্ষেত্ৰত উল্লেখ কৰা সংক্ষিপ্ত ৰূপ বুজি পাবলৈ ইয়াৰ এক বিৱৰণী।

সাময়িকী

ইয়াৰ বাবে কোনো নিৰ্ধাৰিত সময় নাই।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ

মনোনয়ন কৰ্তৃপক্ষৰ দ্বাৰা পূৰ কৰা আৰু স্বাক্ষৰিত মনোনয়ন প্ৰ-পত্ৰ

কাক যোগাযোগ কৰিব

শ্ৰীমতী পল্লৱী ফুকন, এ চি এছ
সংযুক্ত সচিব
তৃতীয় মহলা, ব্লক এ
অসম সচিবালয়, দিশপুৰ,
গুৱাহাটী - ৭৮১ ০০৬
দূৰভাষ: ৯৮৬৪০৯২৭৮১
ই-মেইল: pphukan.acs@assam.gov.in