মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ

নাগৰিক সেৱা দিৱস

ভাৰত চৰকাৰে প্ৰতিবছৰে ২১ এপ্ৰিলৰ দিনটো অসামৰিক সেৱা দিৱস (Civil Service Day) হিচাপে পালন কৰি আহিছে। এয়া এক উপলক্ষ য’ত নাগৰিক সেৱাৰ বাবে অসামৰিক সেৱা বিষয়াসকলে নিজকে উৎসৰ্গা কৰিবলৈ পুনৰ সংকল্পবদ্ধ হয় আৰু লোকসেৱাৰ দিশত উৎকৃষ্টতা প্ৰদৰ্শনৰ বাবে প্ৰস্তুত হয়। ইয়াৰ প্ৰথমটো অনুষ্ঠান ২০০৬ চনৰ ২১ এপ্ৰিল তাৰিখে বিজ্ঞান ভৱনত অনুষ্ঠিত হয়।

এই অনুষ্ঠানৰ বাবে ২১ এপ্ৰিল বাছি লোৱাৰ কাৰণ হৈছে ১৯৪৭ চনৰ ২১ এপ্ৰিল তাৰিখে স্বাধীন ভাৰতবৰ্ষৰ মেটকাফ হাউছত চৰ্দাৰ বল্লৱভাই পেটেলে দেশৰ প্ৰথম অসামৰিক সেৱাৰ দলৰ বিষয়াসকলৰ উদ্দেশ্যে বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ উৎসাহপূৰ্ণ বক্তৃতাত অসামৰিক সেৱাৰ বিষয়াসকলক “Steel frame of India” অৰ্থাৎ “ভাৰতৰ তীখাৰ গঢ়” বুলি অভিহিত কৰিছিল।

ৰাষ্ট্ৰীয় পৰ্যায়ত অসামৰিক সেৱাৰ বিষয়াসকলে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বঁটা প্ৰদান কৰে। এই বঁটাত এটি মেডেল, প্ৰশস্তি পত্ৰ আৰু নগদ এক লাখ টকা প্ৰদান কৰা হয়। দলক প্ৰদন কৰা বঁটাৰ ক্ষেত্ৰত ব্যক্তিবিশেষে এক লাখ টকাকৈ লাভ কৰাৰ জোখাৰে পাঁচ লাখ টকা প্ৰদান কৰা হয়। এই বঁটা সংগঠনক প্ৰদান কৰিলে নগদ পাঁচ লাখ টকা প্ৰদান কৰা হয়। একেধৰণে অসমতো প্ৰতিবছৰে ২১ এপ্ৰিলৰ দিনটো অসামৰিক সেৱা দিৱস হিচাপে পালন কৰি অহা হৈছে। অসমত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, গুৱাহাটী ২২ ত এই অনুষ্ঠান পালন কৰা হয়।

২০১৭ ত পালিত হোৱা অসামৰিক সেৱা দিৱস

অসামৰিক সেৱা দিৱসৰ দিনা অসমৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যসভাৰ সদস্য স্বপন দাসগুপ্তাই অসামৰিক সেৱাৰ সদস্যসকলৰ উদ্দেশ্যে ভাষণ আগবঢ়ায়। এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব ভি কে পিপাৰচেনীয়া আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়। দাসগুপ্তাই তেওঁৰ ভাষণত ৰাজনীতি আৰু আমোলাতন্ত্ৰৰ মাজৰ সম্পৰ্কৰ বিশ্লেষণ আগবঢ়োৱাৰ লগতে বহু সাম্প্ৰতিক বিষয় উত্থাপন কৰে।

অসামৰিক সেৱা দিৱসৰ সন্ধিয়া বেলা ২০ গৰাকী অসমৰ অসামৰিক সেৱা বিষয়াক মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা প্ৰদান কৰা হয়। ইয়াত উপস্থিত থকা সংগঠন আৰু বিভাগসমূহলৈও সন্মান আগবঢ়োৱা হয়।