মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ

অসম নাগৰিক কেন্দ্ৰীক সেৱা সৰবৰাহ প্ৰকল্প

অসম চৰকাৰৰ অসম নাগৰিক কেন্দ্ৰীক সেৱা প্ৰদান আঁচনি হৈছে প্ৰশাসনীয় সংশোধন আৰু প্ৰশিক্ষণ বিভাগৰ দ্বাৰা পৰিচালিত এক অন্যতম গুৰুত্বপূৰ্ণ আঁচনি। ইয়াৰ লক্ষ্য হৈছে অসমৰ বিশেষকৈ জনজাতি অধ্যুষিত জিলাসমূহৰ নাগৰিকসকলে লোক সেৱাসমূহ লাভ কৰাত সহজসাধ্য কৰা। বিশ্ব বেংকে এই আঁচনিলৈ সমৰ্থন আগবঢ়াইছে।

৩৯.২০ মিলিয়ন আঁচনিৰ অনুমোদন আগবঢ়োৱা বিশ্ব বেংকৰ কাৰ্য্যকৰী সঞ্চালকৰ পৰিষদে জনতাৰ সেৱাসমূহ জনসাধাৰণৰ অধিক ওচৰ চপাই ৰাজ্যক দুৰ্বল সংযোগ অৱস্থাৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সহায় আগবঢ়াব।

ৰাজ্যৰ Right To Public Services (RTPS) Act ৰ সংসাধনৰ দিশত সাহাৰ্য্য আগবঢ়োৱাৰ লক্ষ্য লৈ এই আঁচনিয়ে বিভাগসনূহক জনসাধাৰণক গুৰুত্বপূৰ্ণ দিশসমূহৰ কাৰ্য্য সম্পাদন প্ৰক্ৰিয়া আগবঢ়াত সহযোগিতা আগবঢ়োৱাৰ লগতে ই-প্লেটফৰ্ম বা বৈদ্যুতিন মঞ্চ স্থাপন কৰিব যাৰ জৰিয়তে ডিজিটেল ৰূপত সেৱাসমূহ প্ৰদান কৰিব পৰা হ’ব।

পৰিবহণ, ৰাজহ, সমাজ কল্যাণ আৰু গুৱাহাটী পৌৰ নিগমকে আদি বিভাগৰ অন্তৰ্ভুক্তিৰে চাৰিটা প্ৰধান চৰকাৰী সংস্থাৰ ১৮ সংখ্যক প্ৰধান সেৱা ৰূপে এই প্ৰযুক্তিগত সেৱাৰ আৰম্ভণি ঘটোৱা হয়।

এই উদ্যোগে বিভিন্ন চৰকাৰী কৰ্তৃত্বপূৰ্ণ অনুষ্ঠান, চৰকাৰী অনুমোদন, প্ৰধান সামাজিক সেৱাসমূহ সুৰক্ষিত কৰাৰ অনুজ্ঞা বা প্ৰমাণপত্ৰ আদি বিষয় ইয়াৰ গণ্ডিৰ ভিতৰত সামৰি লয়।

গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্ৰত এই আঁচনিয়ে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ উলিওৱা কাৰ্য্য, বাণিজ্য অনুজ্ঞা আৰু কৰ্তৃত্ব গঢ়ন আদি বিষয় পৰ্যবেক্ষণ কৰে। আন্তৰ্জাতিক বেংকে পাঁচ বছৰ গ্ৰেচ পিৰিয়ড ধৰি দি ১৯ বছৰত মেটিউৰ হোৱাকৈ (আই বি আৰ ডি) ৰ পুনৰ গঠন আৰু উন্নয়নৰ বাবে ৩৯.২০ মিলিয়ন ডলাৰৰ ঋণ আগবঢ়াইছে। অসম নাগৰিক কেন্দ্ৰীক সেৱা প্ৰদান আঁচনি চুক্তিত ভাৰত চৰকাৰৰ হৈ বিত্ত মন্ত্ৰালয়ৰ সংযুক্ত সচিব ৰাজ কুমাৰ, অসম চৰকাৰৰ হৈ বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলাল আৰু বিশ্ব বেংকৰ হৈ বিশ্ব বেংকৰ কাৰ্য্যবাহী পৰিচালক আৰু দেশীয় সঞ্চালকৰূপে কাৰ্য্যনিৰ্বাহ কৰা হিচাম আবডোয়ে স্বাক্ষৰ কৰে।

লক্ষ্যসমূহ

নিৰ্বাচিত সেৱাসমূহ প্ৰদানৰ ধাৰাৰ উন্নতি ঘটোৱাই অসম নাগৰিক কেন্দ্ৰীক সেৱা প্ৰদান আঁচনিৰ প্ৰধান লক্ষ্য। দুটা উপাদানেৰে এই আঁচনি গঠিত:

  1. প্ৰথম উপাদান হৈছে প্ৰযুক্তিগত সাহাৰ্য্য যি চৰকাৰী কাৰ্য্যসূচী আৰু আঁচনি উন্নয়ন লক্ষ্যৰ সংসাধনত সহায় আগবঢ়ায়। এই উপাদান তলত দিয়া ভাগসমূহৰ সমষ্টি:
    (i) লোক সেৱাৰ অধিকাৰ সংসাধনৰ সশক্তিকৰণ।
    (ii) নিৰ্বাচিত সেৱাসমূহৰ সাহাৰ্য্য প্ৰক্ৰিয়াৰ পুনৰ অভিযান্ত্ৰিকীকৰণ।
    (iii) ৰাজহুৱা সুবিধা প্ৰদান কেন্দ্ৰ স্থাপন।
    (iv) নাগৰিক সহযোগিতাৰ বিকাশ সাধন।
  2. দ্বিতীয় উপাদান হৈছে ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কৰা বিত্তীয় সাহাৰ্য্য যি অসম চৰকাৰক জনসাধাৰণৰ সেৱা প্ৰদান বিষয়ৰ সৈতে জড়িত জটিল লোক ব্যৱস্থাপনা সংশোধন সংসাধনত সহায় আগবঢ়ায়।