মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ

সংস্কাৰ তথা সু-শাসন

সমগ্ৰ প্ৰশাসন যন্ত্ৰক আধিক পৰিমাণে কাৰ্যকৰী কৰিবৰ বাবে, প্ৰক্ৰিয়াটোত নতুনত্ব অনাটো অতিকৈ প্ৰয়োজনীয়। সাম্প্ৰতিক অৱস্থাৰ প্ৰশাসনক এক যোগাত্মক পৰিৱৰ্তনৰ দিশত অগ্ৰসৰ কৰাবৰ বাবে মানৱ সম্পদসমূহৰ সংশাধন হোৱাটো জৰুৰী। ঠিক সেইদৰে, চৰকাৰী কৰ্মকৰ্তাসকলৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব লাগিব।

অসম ভিছন-২০৩০ ত ধাৰণা কৰা হৈছে যে, প্ৰথম ২-৩ বছৰত এই প্ৰক্ৰিয়াক এনেকুৱা এক ঠাইত প্ৰতিষ্ঠা কৰিব লাগিব, য’ৰ পৰা ই পৰিৱৰ্তনৰ অগ্ৰদূত হিচাপে দেখা দিব পাৰে। মানৱ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ আৰু লগতে পৰিৱৰ্তনৰ দিশত অগ্ৰগতি লাভ কৰিবৰ বাবে এয়া কৰা হৈছে। সম্পুৰ্ণৰূপে প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী অবিহনে নাগৰিকক সেৱা প্ৰদান কৰাটো অতিকৈ কঠিন কাৰ্য।